গুৱাহাটী মহানগৰীৰ বেতকুছিৰ সমীপত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। পথৰ দাঁতিত ৰখাই থোৱা এখন ট্রাকত তীব্র বেগেৰে অহা আন এখন ট্রাকে খুন্দা মৰাৰ ফলতে ট্রাকচালক আৰু হেণ্ডিমেনজনৰ থিতাতে মৃত্যু হয়।
মৃত লোক দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। দুৰ্ঘটনাত ৰখাই থোৱা ট্রাকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধবস্ত হৈ পৰে। গড়চুক আৰক্ষীয়ে বৰ্তমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।