গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ এটা প্লাষ্টিকৰ ডেম্পত যোৱা নিশা প্ৰায় ১১ বজাত এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিনির্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ পিছত ডেম্পটোৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
বৃহৎ আকাৰৰ ডেম্পটোত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত বৃহত্তৰ অঞ্চলটোত দুৰ্গন্ধ বিয়পি পৰে। শর্ট চাৰ্কিটৰ ফলতেই ডেম্পটোত জুইৰ সূত্ৰপাত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।