গুৱাহাটীৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি

ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সৱলীকৰণৰ লক্ষ্যৰে গুৱাহাটীৰ ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে নতুন পৰিকল্পনাক বাস্তৱ ৰূপ দি এই কাৰ্য্যালয় নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে।

৮১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষ কাৰ্য্যালয় ভৱনটোৰ তিনিটা মহলাত ২১ টা কাৰ্য্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে।

অনুষ্ঠানত দিয়া ভাষণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা-সুবিধা সমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা ১২ হাজাৰ ৬৯৫ বর্গ কিলোমিটাৰ।

সৌৰশক্তি চালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।