ৰাজ্যৰ শিক্ষা বিভাগে প্ৰথমবাৰৰ বাবে বিশেষভাৱে গণিতৰ শিক্ষকৰ পদ সৃষ্টি কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, আগতে ৰাজ্যৰ বিদ্যালয়সমূহত বিজ্ঞান বিষয়ৰ শিক্ষক নিয়োগ কৰা হৈছিল আৰু তেওঁলোককে গণিতৰ শিক্ষা প্ৰদানৰো দায়িত্ব দিয়া হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰে এহেজাৰ ৭৬০ টা গণিত শিক্ষকৰ পদ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিখন মাধ্যমিক বিদ্যালয়ত একোজন গণিতৰ শিক্ষক আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি পৰ্যায়ক্রমে এই পদৰ সংখ্যা বৃদ্ধি কৰা হ’ব।
Assamese | December 13, 2024 6:24 PM | Assam Education Dept | Assam Govt | Dr. Ranoj Pegu
প্ৰথমবাৰৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষভাৱে গণিতৰ শিক্ষকৰ পদ সৃষ্টি