চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসমৰ দুগৰাকী বিশিষ্ট লোকশিল্পী পখিলা লেকথেপি আৰু তৰাৱতী মিলিক এই বঁটা প্ৰদান কৰে।
নগাঁও চহৰস্থিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, যে আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ জাতীয় জীৱনলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ নামেৰে বঁটা প্ৰৱৰ্তন কৰাৰ বাবে মহাবিদ্যালয়খনৰ শলাগ লয়।
এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশিষ্ট লোকশিল্পী তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ সদানন্দ পায়েঙে এই বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতা দিয়ে। উল্লেখযোগ্য যে মধ্য অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০১৬ চনৰ পৰা ধাৰাবাহিকভাৱে এই বঁটা প্ৰদান কৰি আহিছে।
এই বঁটা ইতিমধ্যে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, বিশিষ্ট সমাজকৰ্মী বিৰুৱালা ৰাভা, বিশিষ্ট ভাস্কর্যশিল্পী বীৰেং সিংহক অভিনেতা আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে। অনুষ্ঠানত পখিলা লেকথেপি আৰু তৰাৱতী মিলিয়ে বঁটা গ্ৰহণ কৰি গীত পৰিবেশনেৰে সকলোকে আপ্লুত কৰে। এই অনুষ্ঠানত বহুকেইগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু গণ্য মান্য ব্যক্তি উপস্থিত আছিল।