September 22, 2026 6:30 PM

views 5

চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান

চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসমৰ দুগৰাকী বিশিষ্ট লোকশিল্পী পখিলা লেকথেপি আৰু তৰাৱতী মিলিক এই বঁটা প্ৰদান কৰে। নগাঁও চহৰস্থিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, যে আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ জাতীয় জীৱনলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ নামেৰে বঁটা প্ৰৱৰ্তন কৰাৰ বাবে মহাবিদ্যাল...