টাকাম মিচিং পৰিণ কেবাং চমুকৈ টি এম পি কেই শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা-সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায়ে সক্রিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্রী মন্ত্রী ডাঃ ৰণোজ পেগুৱে আশা প্রকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্র সংগঠনটোৰ ১৭ সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্রী ডাঃ পেগুবে এই কথা উল্লেখ কৰে।
মিচিং ছাত্র সংগঠনটোৱে সুদীর্ঘ পাঁচটা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীণ উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনাৰ বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্রণী ভূমিকাৰো তেওঁ শলাগ লয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্রী ডাঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেণ্ড, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুবন গামৰ লগতে টি এম পি কেৰ বিষয়ববীয়া উপস্থিত থাকে।