July 12, 2026 8:51 PM
2
টাকাম মিচিং পৰিণ কেবাং-এ শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা-সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায়ে সক্রিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্রী মন্ত্রী ডাঃ ৰণোজ পেগুৰ আশা প্রকাশ
টাকাম মিচিং পৰিণ কেবাং চমুকৈ টি এম পি কেই শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা-সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায়ে সক্রিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্রী মন্ত্রী ডাঃ ৰণোজ পেগুৱে আশা প্রকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্র সংগঠনটোৰ ১৭ সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্রী ডাঃ পেগুবে এই কথা উল্লেখ কৰে। মিচিং ছাত্র সংগঠনটোৱে সুদীর্ঘ পাঁচটা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীণ উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনাৰ বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্রণী ভূমিকাৰো তে...