শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি লখিমপুৰৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, প্রশাসনিক আৰু আন্তঃগাথনিৰ অগ্ৰগতি পর্যালোচনা কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে গুণগত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ২০১৯ চনত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা পূৰ্বৰ মাধৱদেৱ মহাবিদ্যালয়খনৰ বৰ্তমানৰ আন্তঃগাথনি যথেষ্ট উন্নত হৈছে। বিশ্ববিদ্যালয়খনত সম্প্ৰতি ১৫ টা স্নাতক আৰু ১১ টা স্নাতকোত্তৰ পাঠ্যক্ৰম, পি এইচ ডি গৱেষণাৰ সুবিধা আছে।
ডাঃ পেগুৱে ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেটত বিশ্ববিদ্যালয়খনৰ অতিৰিক্ত আন্তঃগাথনি উন্নয়নৰ বাবে ৫০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষক অৱগত কৰে। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত ভূমি, নতুন বিভাগ মুকলি তথা ল’ৰা-ছোৱালীৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিৱাসৰ সংখ্যা বৃদ্ধিৰ দৰে বিষয়সমূহ তেওঁ অতি সোনকালে বিধায়ক ভূপেন বৰাৰ সৈতে আলোচনা কৰিব বুলি আশ্বাস দিয়ে।
শিক্ষামন্ত্ৰীগৰাকীক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক অৰূপজ্যোতি চৌধুৰী, পঞ্জীয়ক ড° ক্ষীপদ দত্তকে ধৰি অন্যান্য অধ্যাপকসকলে সংগ দিয়ে।