July 9, 2026 8:07 PM | Dr. Ranoj Pegu

printer

প্রাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকলৈ ৰাজ্য চৰকাৰৰ গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ

২০১৭ চনৰ আইন অনুসৰি, ২০১৩ আৰু ২০২১ চনত প্রাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্রদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পার্টেলো মুকলি কৰা হৈছে। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ডরে ষোড়শ অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি চতুর্থ দিনা এই কথা সদৰী কৰে। তেওঁ কয়, যে গুৰু দক্ষিণা প’ৰ্টেলৰ জৰিয়তে ১৫ হাজাৰ আবেদন লাভ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে আবেদনসমূহ পৰীক্ষা কৰি শীঘ্রে এই সন্দর্ভত সিদ্ধান্ত ল’ব। ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন অনুসৰণ কৰি গুৰু দক্ষিণা নামৰ আঁচনি প্রণয়ন কৰা হৈছে বুলি উল্লেখ কৰি ডাঃ পেণ্ডবে কয়, যে আইন অনুযায়ী ৩০ গৰাকী শিক্ষার্থী থকা বিদ্যালয়সমূহত দুগৰাকী শিক্ষককহে প্রাদেশিকীকৰণ কৰিব পৰা যায়।

মহম্মদ আশ্রাফুল ইছলাম শ্বেখে সোধা এটা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্রী ডাঃ পেগুরে কয়, যে ৰাজ্যত বর্তমানলৈকে ৫৮খন আদর্শ বিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ কয় যে যিসমূহ বিধানসভা সমষ্টিত এতিয়ালৈকে আদর্শ বিদ্যালয় স্থাপন কৰা হোৱা নাই সেই সমষ্টিসমূহৰ বিধায়কে বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাখিল কৰিব পাৰিব।

বিধায়ক আশ্রাফুল ইছলাম শ্লেখে টিউটৰসকলৰ ফিক্সড্ পে’ সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে নির্ধাৰণ কৰি দিয়া যোগ্যতা পূৰণ নকৰা টিউটৰসকলক শিক্ষক হিচাপে নিয়োজিত কৰিব পৰা নাযায়। তেওঁলোক টিউটৰ হিচাপে নিয়োজিত হৈ থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ ফিক্সড্ পে বছৰি ৬ শতাংশ হাৰত বৃদ্ধি কৰা হ’ব। যিসকল টিউটৰে ভবিষ্যতে প্রয়োজনীয় যোগ্যতা অর্জন কৰিব তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি লাভৰ সুযোগ দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।