বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰ্ণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদমাধ্যমৰ আগত কয়, যে বিশেষকৈ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব। তেওঁ কয়, যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আজি আনুষ্ঠানিকভাৱে প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ বাবে প্ৰতি বছৰে নতুনকৈ প্ৰ-পত্ৰ পূৰণ কৰা হয়। তেওঁ কয়, যে প্ৰ- পত্রসমূহ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে বিতৰণ কৰা হ’ব। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে প্ৰ-পত্ৰ পূৰণ কৰি শিক্ষানুষ্ঠানত জমা দিব আৰু শিক্ষানুষ্ঠান কর্তৃপক্ষই নামভৰ্তিৰ তালিকাৰ লগত মিলাই প্ৰতিবেদন দিয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত ধন জমা হোৱা আৰম্ভ হ’ব।
শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আজিয়ে বানপীড়িত শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি ক্ৰয়ৰ অনুদানো মোকলাই দিয়া হ’ব বুলি সদৰি কৰে। শিক্ষকৰ বদলি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে পাৰস্পৰিক বদলিৰ নিৰ্দেশনা ইতিমধ্যে প্রকাশ পাইছে আৰু অচিৰেই এই প্ৰক্ৰিয়া আৰম্ভ হ’ব।