October 2, 2026 10:19 AM | Dr. Ranoj Pegu

printer

১২ অক্টোবৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ ধন মুকলি কৰি দিয়া হ’ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা

ৰাজ্য চৰকাৰে অহা ১২ অক্টোবৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ ধন মুকলি কৰিব বুলি কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি চলিত শিক্ষাবৰ্ষত উচ্চ শিক্ষা বিভাগৰ অধীনত ২,৪৮,২৬৩ গৰাকী শিক্ষার্থীয়ে আঁচনিখনৰ অধীনত ধন লাভ কৰিব।

উল্লেখযোগ্য যে নিযুত মইনা আঁচনিৰ জৰিয়তে স্নাতক মহলাৰ ছাত্ৰীসকলে প্রতিমাহে ১২৫০ টকাকৈ লাভ কৰাৰ বিপৰীতে স্নাতকোত্তৰ মহলা আৰু বি এড পাঠ্যক্ৰমৰ ছাত্ৰীয়ে প্রতিমাহে আঢ়ৈ হাজাৰ টকাকৈ লাভ কৰিব।

একেদৰে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে প্রতিমাহে এহেজাৰ টকাকৈ লাভ কৰিব। মাধ্যমিক পর্যায়তো ১ লাখ ৮৯ হাজাৰ ৪২ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব।

শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ১২ অক্টোবৰতে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনৰো ধন মুকলি কৰা হ’ব। উচ্চ শিক্ষা বিভাগৰ অধীনত ৰাজ্যৰ ১,০২,৫০১গৰাকী ছাত্রই এই আঁচনিৰ ধন লাভ কৰিব।

নিযুত বাবু আঁচনিৰ অধীনত স্নাতক মহলাৰ ছাত্ৰসকলে প্রতিমাহে এহেজাৰ টকাকৈ আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰসকলে প্রতিমাহে দুহেজাৰ টকাকৈ লাভ কৰিব। অনাগত ১০ মাহৰ বাবে হিতাধিকাৰীসকলে এই আঁচনিৰ ধন লাভ কৰিব।