June 28, 2026 10:38 AM

views 32

ৰাজ্যত গ্রীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব

ৰাজ্যত গ্রীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS প'ৰ্টেলত বদলিকৰণৰ বাবে শিক্ষক শিক্ষয়িত্রীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া পহিলা জুলাইত আৰম্ভ হ'ব। এই প্রক্রিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্র শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীর্ষ বিষয়াক সামৰি উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমি...

June 24, 2026 12:43 PM

views 23

ৰাজ্যৰ মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাজ্যৰ মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব আৰু মহাবিদ্যালয়সমূহত শিক্ষক তথা আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰা হ'ব। গুৱাহাটীত কালি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অনুষ্ঠিত বৈঠকত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম চলি থাকিব। স্নাতকোত্তৰ পৰ্যায়ৰ বাবে এতিয়াৰ পৰাই পৰিকল্পনা যুগুত কৰি পদক্ষেপ লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। যোৱা ২৩ মে'ত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমত সৃষ্টি হোৱা অচলাৱস্থাৰ সমাধান বিচাৰি সদ...

June 19, 2026 12:33 PM

views 49

কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হ’ব বুলি ওলোৱা প্ৰচাৰ সত্য নহয় : ডাঃ ৰণোজ পেগু

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি ওলোৱা বাতৰি ভুৱা বুলি আখ্যা দিছে। ডাঃ পেণ্ডৱে কালি সংবাদ মাধ্যমৰ আগত কয়, যে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি প্ৰচাৰ চলিলেও সেই কথা সত্য নহয়। তেওঁ কয়, যে বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থীৰহে সমীক্ষা চলোৱা হৈছে আৰু এই সমীক্ষাৰ পৰা কোনবোৰ বিদ্যালয় বহনক্ষম সেয়া জানিব পৰা যাব। তেওঁ কয়, যে কম শিক্ষার্থী থাকিলেও এক কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত আন বিদ্যালয় নথকা বিদ্যালয়সমূহ বন্ধ কৰাৰ প্ৰশ্নই উঠিব ...

June 10, 2026 10:50 AM

views 39

ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ মান ২০২৪-২৫ শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে

● ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ মান ২০২৪-২৫ শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ তথ্যৰ আধাৰত শেহতীয়াকৈ প্ৰকাশ কৰা পাৰফর্মেন্‌ছ গ্রেডিং ইনডেক্স চমুকৈ পি জি আইৰ তালিকাত অসমৰ শিক্ষা বিভাগে পূৰ্বৰ ২৭ সংখ্যক স্থানৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয় শিক্ষা খণ্ডক দেশৰ ভিতৰত দশম স্থানলৈ উন্নীত কৰাৰ বাবে লক্ষ্য লৈ ইতিমধ্যে কাম-কাজ আ...

June 8, 2026 8:04 PM

views 33

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানিকৰণৰ কাৰ্যসূচী

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানিকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানিকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগৰাকীয়ে শলাগ লয়। উল্লেখযোগ্য যে, ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী যাদৱ পায়েঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে।

January 19, 2026 7:30 PM

views 64

ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গোগামুখৰ ম‍ইনাপাৰাত আয়োজিত এটা অনুষ্ঠানত লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা চাৰিটা পথ ৰাইজলৈ উৎসৰ্গা কৰে। মুখ্যমন্ত্রী পকী পথ নির্মাণ আঁচনিৰ অধীনত চাৰি কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মইনাপাৰাৰ পৰা দীঘলী পথাৰ অভিমুখী পথ, চুতিয়াপাৰাৰ পৰা দক্ষিণ নলবাৰী এল পি স্কুল, চেতিয়াগাঁও তিনিআলিৰ পৰা আয়াং তিনিআলি আৰু বাড়ুলুকাৰ পৰা কমাৰচলালৈ যোৱা চাৰিটা পথ মুকলি কৰে। মন...

January 19, 2026 7:01 PM

views 48

ধেমাজি টাইকোৱানডো একাডেমীয়ে আয়োজন কৰা টাইকোৱানডো প্ৰতিযোগিতা উদ্বোধন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলা টাইকোৱানডো সংস্থাৰ অধীনত ধেমাজি টাইকোৱানডো একাডেমীয়ে আয়োজন কৰা টাইকোৱানডো প্ৰতিযোগিতা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক উৎসাহ যোগোৱাৰ লগতে এই প্রতিযোগিতাৰ পৰাই ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে ৰাজ্যৰ ৭ খন জিলাৰ ৪ শতাধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত অংশ লৈছে।

January 7, 2026 1:24 PM

views 53

ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্রত্যাখ্যান

অসমৰ ছটা জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি প্রদান কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে। মন্ত্রীগোটৰ আহ্বায়ক ডা০ ৰণোজ পেণ্ডক সমিতিৰ নেতৃবর্গই কালি সাক্ষাৎ কৰি এই সন্দৰ্ভত চূড়ান্ত আপত্তি আৰু পৰামৰ্শাবলী দাখিল কৰে। সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাখলাৰীৰ নেতৃত্বত এটা সঁজাতি দলে সুহাশ চাকমাৰ অধ্যক্ষতাত গঠন কৰা পৰামৰ্শদাতা গোটৰ চূড়ান্ত আপত্তি আৰু পৰামৰ্শবলী দাখিল কৰাৰ লগতে এখন স্মাৰক পত্ৰও প্ৰদান কৰে। সমন্বয়ৰক্ষী সমিতিয়ে ...

January 3, 2026 6:55 PM

views 56

ধেমাজিত ভাৰতীয় জনতা পাৰ্টিৰ তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ উপ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত ভাৰতীয় জনতা পাৰ্টিৰ তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ উপ সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চৰকাৰৰ জনকল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ ভূমিকা সন্দৰ্ভত পর্যালোচনা কৰা হয়। সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলাৰ সভানেত্ৰী ৰূপা কামান, দেউৰী স্বায়িত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীৰ লগতে জিলাখনৰ সকলো মণ্ডলৰ সভাপতি আৰু সভানেত্ৰীসকল বৈঠকত উপস্থিত থাকে।

December 25, 2025 11:59 AM

views 66

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি নিয়ন্ত্ৰণ

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি কালিৰে পৰা নিয়ন্ত্ৰণত আছে। কাইলৈ প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্রিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে খেৰণি ফেংলাপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনাত প্রাণহানি হোৱা লোক দুজনৰ পৰিয়াললৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুল...