শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হ’ব বুলি ওলোৱা বাতৰি ভুৱা বুলি আখ্যা দিছে। ডাঃ পেণ্ডৱে কালি সংবাদ মাধ্যমৰ আগত কয়, যে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হ’ব বুলি প্ৰচাৰ চলিলেও সেই কথা সত্য নহয়। তেওঁ কয়, যে বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থীৰহে সমীক্ষা চলোৱা হৈছে আৰু এই সমীক্ষাৰ পৰা কোনবোৰ বিদ্যালয় বহনক্ষম সেয়া জানিব পৰা যাব। তেওঁ কয়, যে কম শিক্ষার্থী থাকিলেও এক কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত আন বিদ্যালয় নথকা বিদ্যালয়সমূহ বন্ধ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। তেওঁ কয়, যে ২০০ মিটাৰৰ ভিতৰত দুই-তিনিখন বিদ্যালয় থকা বা একেটা চৌহদতে দুখন বিদ্যালয় থকা কম শিক্ষার্থী থকা বিদ্যালয়সমূহ একত্ৰিকৰণ কৰা হ’ব।
ইপিনে দিছপুৰত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রাথমিক, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু গুৰুত্বপূর্ণ বিষয়সমূহকলৈ আলোচনাত মিলিত হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থকা এই পর্যালোচনা বৈঠকত শিক্ষক নিযুক্তি অভিযান, চৰকাৰী আদর্শ মহাবিদ্যালয়, চাহ বাগিচা আদর্শ বিদ্যালয়, শিক্ষা বিভাগত নতুন পদ সৃষ্টি আৰু উচ্চ শিক্ষা গ্ৰহণৰ সময়ত শিক্ষার্থীয়ে বিদ্যালয় এৰা ঘটনা ৰোধৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রীয়ে শিক্ষা বিভাগৰ অধীনত চলি থকা নিযুত মইনা, নিযুত বাবু, বিনামূলীয়াকৈ স্কুটাৰ প্রদান, বিনামূলীয়াকৈ চাইকেল বিতৰণ, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভর্তি আদি আঁচনিসমূহৰ ধাৰাবাহিকতা ৰক্ষাৰ দৰে বিষয়সমূহৰো পৰ্যালোচনা কৰে।