শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত ভাৰতীয় জনতা পাৰ্টিৰ তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ উপ সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চৰকাৰৰ জনকল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ ভূমিকা সন্দৰ্ভত পর্যালোচনা কৰা হয়। সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলাৰ সভানেত্ৰী ৰূপা কামান, দেউৰী স্বায়িত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীৰ লগতে জিলাখনৰ সকলো মণ্ডলৰ সভাপতি আৰু সভানেত্ৰীসকল বৈঠকত উপস্থিত থাকে।
Assamese | January 3, 2026 6:55 PM | Akashvani | Akashvani Guwahati | Dr Ranoj Pegu Meet | Dr. Ranoj Pegu
ধেমাজিত ভাৰতীয় জনতা পাৰ্টিৰ তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ উপ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ অংশগ্ৰহণ