December 7, 2025 7:06 PM

views 59

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ বিশ্ববিদ্যালয়সমূহক দক্ষতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান

বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত আজি ৰাজ্যৰ ১৮গৰাকী সাহিত্যিকক সাহিত্য বঁটা আৰু ১০গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিশিষ্ট সাহিত্যিকসকলক বঁটা প্ৰদান কৰে। বৰেণ্য কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই মন্ত্ৰী শ্ৰীপেগুৱে হোমেন বৰগোহাঞিৰ আদৰ্শই ৰাজ্যৰ নৱ প্ৰজন্মক আজিও সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। ২০২৫ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌ...

December 4, 2025 9:02 PM

views 53

৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ সমন্বয়ৰক্ষী সমিতিৰ দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয়। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয়। বৈঠকত ডা০ পেগুৱে মন্ত্রীগোটে জনোৱা অনুমোদনৰ উপৰি ইতিমধ্যে তালিকাভুক্ত অনুসূচীত জনজাতিৰ...

November 27, 2025 2:33 PM

views 96

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে: শিক্ষামন্ত্ৰী

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অসম বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্ৰকাশ কৰে। ডাঃ পেগুৱে লগতে কয়, যে বৰ্তমান ৰাজ্যখনৰ চাহ বাগিছাসমূহত ১১৮ খন আদর্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদর্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে ৮৭ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু ৩১ খন ব...

November 2, 2025 7:32 PM

views 76

১৫ নৱেম্বৰত ধৰতী আবা বীছা মুণ্ডাৰ জয়ন্তী উপলক্ষে ডাঃ ৰণোজ পেগুৰ আলোচনা

অহা ১৫ নৱেম্বৰত ধৰতী আবা বীছা মুণ্ডাৰ জয়ন্তী উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাত জনজাতীয় গৌৰৱ দিৱসৰ আয়োজন কৰা সন্দৰ্ভত আজি শিক্ষা তথা ভৈয়াম জনজাতি কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলা আয়ুক্ত আৰু স্বায়ত্ত শাসিত পৰিষদৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰে। ভিডিঅ' কনফাৰেন্সিংযোগে অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাতে জিলা প্রশাসন, স্বায়ত্ত শাসিত পৰিষদ, আই টি ডি পি বোর্ড, মহকুমা জনজাতি কল্যাণ বোর্ড আৰু জনজাতীয় ৰাইজৰ সহযোগত এই দিৱস উদযাপনৰ পৰামৰ্শ দিয়ে। ইয়াৰ লগতে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলক ...

October 22, 2025 7:20 PM

views 66

জাগীৰোডৰ ডাবৰঘাট প্রাথমিক বিদ্যালয়ত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে শুভাৰম্ভ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ ডাবৰঘাট প্রাথমিক বিদ্যালয়ত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেওঁ লগতে তিৱা ভাষাৰ পাঠ্যপুথিসমূহো উন্মোচন কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অধীনত প্রাথমিক বিদ্যালয়সমূহত বিভিন্ন ভাষাত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ ৬২ খন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাৰ শিক্ষা আৰম্ভ হ'ব। কিছু সংখ্যক বিদ্যালয়ত ইতিমধ্যে তিৱা ভাষাৰ শিক্ষক নিযুক্তি দিয়া হৈছে। বাকী থকা বিদ্যালয়সমূহতো পর্যায়ক্র...

August 8, 2025 8:24 PM

views 69

বৰপেটাত আজিৰেপৰা ৩৫ সংখ্যক ৰাজ্যিক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত বৰপেটা জিলাত আজিৰেপৰা ৩৫ সংখ্যক ৰাজ্যিক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। NCERT-ৰ ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীৰ আৰ্হিত এই দুদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন জিলাৰ বছা বছা ১১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৬৩ বিধ বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শন কৰিছে। ডাঃ পেগুৱে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি এখন বিজ্ঞান মনস্ক আৰু প্ৰযুক্তি নিৰ্ভৰ উন্নত সমাজ অভিমুখী যাত্ৰাৰ অংশ ...

July 26, 2025 11:06 AM

views 71

আদর্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ মত প্ৰকাশ

ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। গুৱাহাটীত কালি এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে বর্তমান আদর্শ মহাবিদ্যালয়সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই মহাবিদ্যালয়সমূহক সঠিক দিশত নেতৃত্ব দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে আদৰ্শ মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত শিক্ষকসকলৰ বাবে মহাবিদ্যালয়ৰ কামকাজ আগবঢ়া...

July 23, 2025 6:31 PM

views 76

ধেমাজি-আমগুৰি-বগীবিল পথত লেছীয়াঘাট দলঙ পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত গাই নদীৰ বানে যোৱা ১৯ জুলাইত খহাই নিয়া ধেমাজি-আমগুৰি-বগীবিল পথত লেছীয়াঘাট দলঙ পৰিদৰ্শন কৰে। ডাঃ পেগুৱে পৰিস্থিতিৰ বুজ লয় আৰু দলংখনেৰে যাতায়াত অব্যাহত ৰখাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগক নির্দেশ দিয়ে।

July 18, 2025 1:14 PM

views 86

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি

● ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱক্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমু...

July 17, 2025 9:03 PM

views 56

ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ’বঃ ডাঃ ৰণোজ পেগু

ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ'ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং মহাবিদ্যালয়ৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ লগতে কয় যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ বাবেও প্রায় ৫ হাজাৰ ৫০০ শিক্ষকৰ নথি পত্ৰ পৰীক্ষাৰ কাম চলি আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই শিক্ষকসকলক নিযুক্তি দিয়া হ'ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ১৯৮২ চনৰ পৰাই খোৱাং অঞ্চলৰ শৈক্ষিক ক্ষ...