ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং মহাবিদ্যালয়ৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ লগতে কয় যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ বাবেও প্রায় ৫ হাজাৰ ৫০০ শিক্ষকৰ নথি পত্ৰ পৰীক্ষাৰ কাম চলি আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই শিক্ষকসকলক নিযুক্তি দিয়া হ’ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ১৯৮২ চনৰ পৰাই খোৱাং অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰলৈ অৰিহনা আগবঢ়াই অহা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিমূলক আৰু শৈক্ষিক পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে।
Assamese | July 17, 2025 9:03 PM | Akashvani News | Dr. Ranoj Pegu
ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ’বঃ ডাঃ ৰণোজ পেগু