ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত বৰপেটা জিলাত আজিৰেপৰা ৩৫ সংখ্যক ৰাজ্যিক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। NCERT-ৰ ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীৰ আৰ্হিত এই দুদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন জিলাৰ বছা বছা ১১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৬৩ বিধ বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শন কৰিছে। ডাঃ পেগুৱে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি এখন বিজ্ঞান মনস্ক আৰু প্ৰযুক্তি নিৰ্ভৰ উন্নত সমাজ অভিমুখী যাত্ৰাৰ অংশ হ’বলৈ তেওঁলোকক পৰামৰ্শ দিয়ে। তেওঁ লগতে শিক্ষাৰ্থীসকলৰ সৃজনীশীল মানসিকতাক পৰিস্ফূট কৰা এই প্ৰদৰ্শনী পৰিদৰ্শন কৰি আনন্দ প্ৰকাশ কৰে।
Assamese | August 8, 2025 8:24 PM | Dr. Ranoj Pegu
বৰপেটাত আজিৰেপৰা ৩৫ সংখ্যক ৰাজ্যিক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী