শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ ডাবৰঘাট প্রাথমিক বিদ্যালয়ত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেওঁ লগতে তিৱা ভাষাৰ পাঠ্যপুথিসমূহো উন্মোচন কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অধীনত প্রাথমিক বিদ্যালয়সমূহত বিভিন্ন ভাষাত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ ৬২ খন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাৰ শিক্ষা আৰম্ভ হ’ব। কিছু সংখ্যক বিদ্যালয়ত ইতিমধ্যে তিৱা ভাষাৰ শিক্ষক নিযুক্তি দিয়া হৈছে। বাকী থকা বিদ্যালয়সমূহতো পর্যায়ক্রমে ভাষা শিক্ষক নিযুক্তি দিয়া হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই উদ্যোগে অসমৰ জনজাতীয় অঞ্চলসমূহত মাতৃভাষাৰ মাধ্যমত প্রাথমিক শিক্ষাৰ এটা যুগৰ সূচনা কৰিছে বুলি ডাঃ পেগুৱে উল্লেখ কৰে।
আজিৰ অনুষ্ঠানত জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ লগতে তিৱা সাহিত্য সভা তথা তিৱা সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
Assamese | October 22, 2025 7:20 PM | Dr. Ranoj Pegu
জাগীৰোডৰ ডাবৰঘাট প্রাথমিক বিদ্যালয়ত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে শুভাৰম্ভ