জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানিকৰণৰ কাৰ্যসূচী

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানিকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

বনানিকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগৰাকীয়ে শলাগ লয়। উল্লেখযোগ্য যে, ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী যাদৱ পায়েঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে।