September 10, 2026 3:24 PM

views 11

ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগত সম জাতীয়তাবাদী যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগ তুলি আজি অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভাগটোৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বিভাগটোত ঋণৰ ফাইল প্রস্তুত, প্রজেক্ট ৰিপোৰ্ট তৈয়াৰ, বেংকৰ ফাইল প্ৰেৰণ কৰাৰ নামত নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা ৩ হাজাৰৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত উৎকোচ দাবী কৰি অহা বুলি সংগঠনটোৱে অভিযোগ কৰে। সংগঠনটোৰ ভালেসংখ্যক সদস্যই এই প্রতিবাদী কাৰ্যসূচীত অংশ লয়।

July 29, 2026 1:01 PM

views 25

ধেমাজি জিলা আৰক্ষীৰ অভিযানতই ভালেসংখ্যক গৰুসহ ৪খন বাহন জব্দ

ধেমাজি জিলা আৰক্ষীয়ে কালি জিলাখনৰ দুটা স্থানত অভিযান চলাই ভালেসংখ্যক গৰুসহ চাৰিখন বাহন জব্দ কৰে। জিলাখনৰ বিভিন্ন ঠাইত নীতি বহির্ভূতভাৱে গৰুৰ অবৈধ বেচা-কিনা চলি থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এই অভিযান চলাই গৰুভৰ্তি বাহনকেইখন জব্দ কৰে।

July 6, 2026 7:32 PM

views 23

ধেমাজিৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনত দৃষ্টি আকৰ্ষণ

ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। জোনাইৰ দিখাৰী, চিমেন, ছিলে আদি পাহাৰীয়া নৈৰ ভয়ংকৰ বানত ক্ষতি হোৱা জিলাখনৰ ভালেসংখ্যক গাঁৱৰ পৰিৱেশ স্বাভাৱিক হোৱা নাই বুলি বিধায়ক শ্ৰী পেগুৱে উল্লেখ কৰে। ইফালে, বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বিজ্ঞান সন্মত পদ্ধতিৰে বান আৰু গৰাখনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰা, শেহতীয়া বান গৰাখহনীয়াত ক্ষ...

June 12, 2026 8:01 PM

views 32

ধেমাজি জিলাত বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধেমাজি জিলা শ্রম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। [video width="848" height="478" mp4="https://newsonair.gov.in/wp-content/uploads/2026/06/Dhemaji-Chils-Labour-Day.mp4"][/video] দিৱস উপলক্ষে ধেমাজি মটৰ শ্রমিক ই-ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কার্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰ...

June 12, 2026 6:27 PM

views 28

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধেমাজি জিলা শ্রম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্রমিক ই-ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কার্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমার্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান-প্রতিষ্ঠানসমূহত সজাগতামূলক পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ ক...

June 8, 2026 8:04 PM

views 33

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানিকৰণৰ কাৰ্যসূচী

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানিকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানিকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগৰাকীয়ে শলাগ লয়। উল্লেখযোগ্য যে, ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী যাদৱ পায়েঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে।

June 5, 2026 12:27 PM

views 28

ধেমাজিত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু

ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে গাঁওখনৰ এটা পৰিয়ালৰ ভঁৰালৰ কাষত বিদ্যুস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় বুলি আকাশবাণী ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে পবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁওখনলৈ অহা বনৰীয়া হাতীৰ জাকে বাৰীৰ শস্য খাই তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা বুলি স্থানীয় ৰাইজে বন বিভাগক দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি অহাৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থ...

January 24, 2026 7:58 PM

views 72

ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত

ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডা০ ৰণোজ পেগুৱে আজি পুৱা পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী মুকলি কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ধেমাজি মহাবিদ্যালয়ক অতি শীঘ্ৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ লগতে ১৯৬৫ চনত স্থাপন হোৱা এই মহাবিদ্যালয়খনৰ সুদীৰ্ঘ যাত্ৰাত সেৱা আগবঢ়োৱা সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ অৱদানক শ্ৰদ্ধাৰে স...

January 24, 2026 12:41 PM

views 66

চিলাপথাৰৰ কাৰেং চাপৰিত অহা ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ দশম মিছিং যুৱ মহোৎসৱ

ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ দশম মিছিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ বাবে ৬০০ বিঘা ভূমি সামৰি প্রস্তুতি প্রায় অন্তিম পৰ্য্যায়ত উপনীত হৈছে। মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্য্যসূচীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। এই মহোৎসৱত প্রায় ১০ হাজাৰ প্ৰতিনিধিয়ে অংশ ল'ব বুলি উদ্যোক্তাসকলে প্রকাশ কৰিছে।

December 29, 2025 11:52 AM

views 65

গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন, পূৰ্ণাংগ নাট প্ৰতিযোগিতা

ধেমাজী জিলাৰ গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কালি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মুকলি সভাত ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি নাট্যপ্রেমী ৰাইজৰ সৈতে ৰাইজৰ সৈতে মত বিনিময় কৰে।