October 27, 2026 7:44 PM
ধেমাজিৰ গোগামুখত পৰহিলৈৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে মিছিং স্পোর্টছ কার্ণিভেলৰ আয়োজন
ধেমাজিৰ গোগামুখত পৰহিলৈৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে মিছিং স্পোর্টছ কার্ণিভেলৰ আয়োজন কৰা হৈছে। জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মৰ ক্ৰীড়াৰ প্ৰতি আসক্তি জগাই, নিচাজাতীয় সামগ্ৰী গ্ৰহণৰ পৰা বিৰত ৰখাৰ উদ্দেশ্যেৰে চতুৰ্থবাৰৰ বাবে এই ক্রীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে। বিগত বছৰবোৰৰ দৰে জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠন টি এম পি কেৰ উদ্যোগত আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। প্ৰায় ৩ হাজাৰ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিবলগীয়া মহোৎসৱৰ বাবে জংকী পানৈ হাইস্কু...