ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধেমাজি জিলা শ্রম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়।

দিৱস উপলক্ষে ধেমাজি মটৰ শ্রমিক ই-ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কার্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমার্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান-প্রতিষ্ঠানসমূহত সজাগতামূলক পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে।

বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, শপত গ্রহণ অনুষ্ঠান আদি বিভিন্ন সজাগতামূলক কার্যসূচী অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্রহণ কৰে৷