June 12, 2026 8:17 PM

views 29

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস। শিশুৰ অধিকাৰ ৰক্ষা আৰু শিশু শ্রমিক নির্মূল কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তর্জাতিক শ্রমিক সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ বাণী হৈছে - শিশু শ্ৰমিকৰ বাবে ৰঙা কার্ড : শিশুৰ বাবে ন্যায্য খেলা, প্রাপ্তবয়স্কৰ বাবে মান্য কাম। শিৱসাগৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি জিলা পৰিষদৰ কাৰ্যালয়ত বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ু...

June 12, 2026 8:04 PM

views 33

ডিব্ৰুগড় জিলাতো বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস পালন

বিশ্ব শিশু শ্রমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, জিলা শিশু সুৰক্ষা গোট, চাইল্ডলাইন আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন চাহ বাগিছা অঞ্চলত কিশোৰ, কিশোৰী আৰু অভিভাৱকৰ মাজত এই সজাগতা অভিযানৰ আয়োজন কৰা হয়। এই সজাগতা সভাবোৰত সমল ব্যক্তিসকলে শিশু শ্ৰমৰ ক্ষেত্ৰত থকা বাধ্যবাধকতা, আইনী ব্যৱস্থা, বিপদত পৰা শিশুক উদ্ধাৰৰ বাবে থকা ব...

June 12, 2026 7:48 PM

views 34

ৰাজ্যৰ শ্ৰম বিভাগৰ অভিযান গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ

শিশু শ্রমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে ছয়মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত ৩ গৰাকী কিশোৰীসহ এটি শিশু শ্রমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আন ৩ টি কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্রম বিভাগে শিশু কল্যান সমিতিক চমজাই দিয়ে। আনহাতে, শিশুক শ্রমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্রম বিভাগৰ বিষ...

June 12, 2026 7:24 PM

views 35

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস। শিশুসকলক শ্রমিক হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাই ২০০২ চনৰ পৰা এই দিৱসৰ ঘোষণা কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। অসমতো বিভিন্ন ঠাইত আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়৷

June 12, 2026 6:27 PM

views 24

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধেমাজি জিলা শ্রম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্রমিক ই-ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কার্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমার্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান-প্রতিষ্ঠানসমূহত সজাগতামূলক পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ ক...

June 12, 2024 7:26 PM

views 42

বিশ্বজুৰি আজি শিশু শ্রম বিৰোধী দিৱস পালন

শিশু শ্ৰমৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰ বাবে আজি বিশ্বজুৰি শিশু শ্রম বিৰোধী দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৈছে যে অসম চৰকাৰ শিশু সুৰক্ষাৰ দিশত সম্পূৰ্ণৰূপে দায়বদ্ধ। তেওঁ লগতে এই দিনটোত ৰাজ্যৰ যিকোনো ঠাইতে শিশু শ্রমিক বা শিশু নির্যাতনৰ ঘটনা দৃষ্টিগোচৰ হ'লে তাৎক্ষণিকভাৱে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ সংকল্প ল'বলৈ আহ্বান জনায়। কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয় আৰু জি...