আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস। শিশুসকলক শ্রমিক হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাই ২০০২ চনৰ পৰা এই দিৱসৰ ঘোষণা কৰে।
তেতিয়াৰে পৰা প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। অসমতো বিভিন্ন ঠাইত আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়৷