শিশু শ্ৰমৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰ বাবে আজি বিশ্বজুৰি শিশু শ্রম বিৰোধী দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৈছে যে অসম চৰকাৰ শিশু সুৰক্ষাৰ দিশত সম্পূৰ্ণৰূপে দায়বদ্ধ। তেওঁ লগতে এই দিনটোত ৰাজ্যৰ যিকোনো ঠাইতে শিশু শ্রমিক বা শিশু নির্যাতনৰ ঘটনা দৃষ্টিগোচৰ হ’লে তাৎক্ষণিকভাৱে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ সংকল্প ল’বলৈ আহ্বান জনায়। কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয় আৰু জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আজি এটা বেচৰকাৰী সংস্থাৰ সহযোগত এই দিৱস পালন কৰে। এই উপলক্ষে পুৱাৰ ভাগত পাণবজাৰৰ পৰা দীঘলী পুখুৰীলৈ ছাত্ৰ-ছাত্ৰীৰ সহযোগত সজাগতামূলক সমদল উলিওৱা হয়। তদুপৰি পাণবজাৰৰ ডনব’স্ক’ হাইস্কুলৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উদ্ধাৰ কৰা কেইবাগৰাকীও শিশু শ্ৰমিকক পুনৰ সংস্থাপনৰ বাবে ধন বিতৰণ কৰা হয়। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ শিশু কল্যাণ সমিতিৰ অধ্যক্ষ জিতু দত্ত, ‘বচপন বচাও’ আন্দোলনৰ ৰাজ্যিক সমন্বয়ক ববিতা শইকীয়াকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ অধ্যক্ষতাত আজি শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাত আয়ুক্তই শিশু সুৰক্ষা বিষয়ক আঁচনিসমূহ ফলপ্রসূভাৱে ৰূপায়ণৰ উদ্দেশ্যে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা শিশু সুৰক্ষা বিষয়াক নিৰ্দেশ দিয়ে। সভাৰ অন্তত বিশ্ব শিশু শ্রম বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বাক্ষৰ অভিযানৰ শুভাৰম্ভ কৰা হয়। মৰিগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আইন সেৱা প্ৰাধিকাৰী আৰু শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি এখন সভা অনুষ্ঠিত হয়। এই সভাত আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বিভিন্ন কাৰখানা ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল আৰু গেৰেজত ধাৰাবাহিকভাৱে অভিযান চলাই শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। তেওঁলোকে লগতে শিশু শ্রমিক বিৰোধী শপত বাক্য পাঠ কৰায়। তামুলপুৰ জিলাত আজি শিশু শ্রম বিৰোধী দিৱসৰ দিনাই ২১ টি শিশু শ্রমিকক উদ্ধাৰ কৰা হয়। এটা স্বেচ্ছাসেৱী সংস্থা, সমাজ কল্যাণ বিভাগ, শ্রম বিভাগৰ লগতে কেইবাটাও চৰকাৰী, বেচৰকাৰী সংস্থাৰ উদ্যোগত অভিযান চলাই উদ্ধাৰ কৰা শিশুকেইটি বাক্সা জিলাৰ শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বাংলাদেশী সীমান্তৱৰ্তী বৰাইৰ আলগা গাঁও পঞ্চায়তত আজি এই দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
Assamese | June 12, 2024 7:26 PM | Child Labour
বিশ্বজুৰি আজি শিশু শ্রম বিৰোধী দিৱস পালন