ৰাজ্যৰ শ্ৰম বিভাগৰ অভিযান গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ

শিশু শ্রমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে।

অভিযানকাৰী দলে ছয়মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত ৩ গৰাকী কিশোৰীসহ এটি শিশু শ্রমিকক উদ্ধাৰ কৰে।

তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আন ৩ টি কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্রম বিভাগে শিশু কল্যান সমিতিক চমজাই দিয়ে।

আনহাতে, শিশুক শ্রমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শ্রম বিভাগৰ বিষয়াই সদৰি কৰে।