আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস। শিশুৰ অধিকাৰ ৰক্ষা আৰু শিশু শ্রমিক নির্মূল কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তর্জাতিক শ্রমিক সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ বাণী হৈছে – শিশু শ্ৰমিকৰ বাবে ৰঙা কার্ড : শিশুৰ বাবে ন্যায্য খেলা, প্রাপ্তবয়স্কৰ বাবে মান্য কাম।

শিৱসাগৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি জিলা পৰিষদৰ কাৰ্যালয়ত বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীয়ে বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস উপলক্ষে উপস্থিত সকলোকে শপত বাক্য পাঠ কৰোৱায়।

১৪ বছৰ তলৰ শিশুসকলক শ্রমিক হিচাপে নিয়োগ কৰাৰ পৰা বিৰত থকা আৰু এই সম্পর্কে জন সচেতনতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণৰ লগতে শিশু অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা আৰু শিক্ষাগ্ৰহণৰ পথ প্ৰশস্ত কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰি মননশীল আলোচনাৰো আয়োজন কৰা হয়।

সহকাৰী শ্ৰম আয়ুক্ত ব্ৰজেন বৰুৱাৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, জিলা শিশু সুৰক্ষা বিষয়া ড° বিকাশ ৰঞ্জন কোঁৱৰ, মুখ্য আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা বিদ্যুৎ গগৈ, অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ শিৱসাগৰ জিলাৰ সচিব মানৱ আদিত্য, চাহ বাগিচা কর্তৃপক্ষ, শ্রম কল্যান বিষয়াকে আদি কৰি কেইবাজনো উচ্চ পদস্থ চৰকাৰী বিষয়া আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।