বিশ্ব শিশু শ্রমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, জিলা শিশু সুৰক্ষা গোট, চাইল্ডলাইন আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়।
জিলাখনৰ বিভিন্ন চাহ বাগিছা অঞ্চলত কিশোৰ, কিশোৰী আৰু অভিভাৱকৰ মাজত এই সজাগতা অভিযানৰ আয়োজন কৰা হয়।
এই সজাগতা সভাবোৰত সমল ব্যক্তিসকলে শিশু শ্ৰমৰ ক্ষেত্ৰত থকা বাধ্যবাধকতা, আইনী ব্যৱস্থা, বিপদত পৰা শিশুক উদ্ধাৰৰ বাবে থকা ব্যৱস্থাৱলীৰ ওপৰত আলোকপাত কৰে।