December 4, 2025 7:13 PM

views 61

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলৰ ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলে আজি ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ দ্বিজমূৰ মিৰিপথাৰ, ডেমগাঁও আৰু বালিখুটি গাঁৱত মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায়ত জৰীপ কৰা হৈছিল যদিও তৃতীয় পর্যায়ত এই লোকসকল ভূমি পট্টা লাভৰ পৰা বঞ্চিত হোৱাত বৃহত্তৰ অঞ্চলটোৰ লোকসকলে প্ৰতিবাদ কৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে চৰকাৰে জৰীপ সম্পন্ন কৰা এই গাঁওকেইখন বৰ্তমান চিমেন চাপৰি আৰু জামজিং সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত হোৱাত গাঁওবাসীয়ে ভূমি পট্টাৰ বাবে আবেদন কৰ...

December 3, 2025 12:00 PM

views 67

অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ’ব

■ ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধেমাজি চিটী কলেজ শাখা সাহিত্য সভাৰ সৌজন্যত মহাবিদ্যালয়খনত অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত জিলাখনৰ সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা আৰু প্ৰশাসনীয় দিশলৈ অনবদ্য অৱদান আগবঢ়োৱা ৬০ বছৰ ঊৰ্ধৰ দুগৰাকী বিশিষ্ট ব্যক্তিক ধেমাজি ৰত্ন বঁটা আৰু ৪০ বছৰ ঊৰ্ধৰ দুগৰাকী ব্যক্তিক ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰা হ'ব।

November 17, 2025 6:25 PM

views 67

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত ধেমাজি জিলাৰ প্রথম স্থান লাভ

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত শেহতীয়াকৈ ধেমাজি জিলাই প্রথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত জিলাখনে কৃষি স্বাস্থ্য, গ্রামোন্নয়ন, শিক্ষা আৰু সামাজিক কল্যান ক্ষেত্ৰত পাৰদৰ্শিতাৰে ৬৫.৯৬ শতাংশৰে ফলাফলৰ তালিকাৰ শীৰ্ষ স্থানত আছে। ৬৫.৮৬ শতাংশৰে শিৱসাগৰ জিলা তালিকাৰ দ্বিতীয় স্থান লাভ কৰিছে। জিলাসমূহৰ ভিতৰত ১৮ টা বিভাগৰ ৫০ টা শিতানত এই মূল্যায়ন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম উন্নয়ন আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰ...

October 4, 2025 8:26 PM

views 72

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। জিলা প্ৰশাসনৰ সৌজন্যত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত দিৱসৰ মূল কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে শিক্ষা, স্বাস্থ্য, কৃষিকে ধৰি সকলো দিশতে জিলাখনে অগ্রগতি লাভ কৰিছে বুলি প্ৰকাশ কৰে। সম্প্ৰতি জিলাখন বান সমস্যাৰ পৰা প্ৰায় মুক্ত হোৱাৰ ফলত আন্তঃগাঁথনি আৰু যাতায়তৰ ক্ষেত্ৰত উন্নত হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ সকলোকে এখন স্বচ্ছ আৰু পৰিচ্ছন্ন ধেমাজি গঢ়াৰ দিশত অগ্ৰসৰ হ'বলৈ আহ্বান জনায় ৷

October 1, 2025 9:00 PM

views 65

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্রশাসনৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি জিলা প্রশাসনে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। ১৯৮৯ চনৰ ১ অক্টোবৰত ধেমাজিক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল। জিলাখনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা তথা মহাবিদ্যালয় পৰ্যায়ত যোগাসন আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতামূলক বাটৰ নাট আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা ...

August 16, 2025 7:50 PM

views 74

ৰাজ্যৰ বিভিন্ন অংশত শোক দিৱস পালন

ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ১৩টি শিশুক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন অংশত আজি শোক দিৱস পালন কৰা হৈছে। গুৱাহাটী অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ডিব্ৰুগড়, কাৰ্বি আংলং, বৰপেটা আদি বিভিন্ন জিলাত এই শোক দিৱসৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাহিলীপাৰাৰ মুখ্য কাৰ্যালয়ত আয়োজিত আজিৰ শোক দিৱসৰ অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিং, আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং, বিবেকৰাজ সিং আৰু প্ৰশান্ত ভূঞাৰ লগতে আন বহুকেইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া আৰু ...

August 5, 2025 7:02 PM

views 60

ধেমাজি জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ধেমাজি জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে। এতিয়ালৈকে জিলাখনত ৩২ গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। ধেমাজি জিলাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ সংবাদদাতাই লাভ কৰা তথ্য অনুযায়ী জিলাখনত বিগত তিনিমাহত ১২ গৰাকী ৰোগীৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাটো সুনিশ্চিত হৈছে। ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হৈছে। গুৰুতৰভাৱে আক্ৰান্ত হোৱা ৰোগীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰে...

July 12, 2025 7:07 PM

views 54

চিলাপথাৰত অনুষ্ঠিত সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক প্ৰতিবেদনৰ সামৰণি

ধেমাজী জিলাৰ চিলাপথাৰত ১০ জুলাইৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক প্ৰতিবেদনখনি আজি সামৰণি পৰে। চিলাপথাৰ আৱাসীক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ আজি অন্তিম দিনা হোৱা স্মৃতি তর্পন, পতাকা উত্তোলন, গছপুলি ৰোপণৰ কাৰ্যসূচীৰ পাছত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাতে সহায়ক শীর্ষক এখন স্মৃতি গ্রন্থও উন্মোচিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছয় শতাধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰা অধিবেশনখনিৰ জৰিয়তে নতুন কার্যালয় সহায়ক সকলক পদোন্নতিকে ধৰি কেইবাটাও...

June 23, 2025 6:54 PM

views 53

ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সম্বৰ্ধনা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক সম্বৰ্ধনা জনায়। মিছিং ছাত্র সংগঠন টাকাম মিছিং পৰিণ কেবাঙৰ উদ্যোগত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্রী ডাঃ পেগুৱে চলিত বৰ্ষৰ নীট, জে ই ইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ লগতে ফুটবল, উছু, কিক বক্সিঙৰ দৰে খেলসমূহত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অর্জন কৰা খেলুৱৈসকলকো সম্ব...

June 7, 2025 7:18 PM

views 61

ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় অনুষ্ঠান কাব্যনন্দিনী অনুষ্ঠিত

ধেমাজি জিলা কবি সন্মিলনৰ উদ্যোগত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান কাব্যনন্দিনী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেৰ কুৰিতকৈও অধিক প্রতিষ্ঠিত কবিয়ে স্বৰচিত কবিতা পাঠ কৰে ।