ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। জিলা প্ৰশাসনৰ সৌজন্যত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত দিৱসৰ মূল কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে শিক্ষা, স্বাস্থ্য, কৃষিকে ধৰি সকলো দিশতে জিলাখনে অগ্রগতি লাভ কৰিছে বুলি প্ৰকাশ কৰে। সম্প্ৰতি জিলাখন বান সমস্যাৰ পৰা প্ৰায় মুক্ত হোৱাৰ ফলত আন্তঃগাঁথনি আৰু যাতায়তৰ ক্ষেত্ৰত উন্নত হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ সকলোকে এখন স্বচ্ছ আৰু পৰিচ্ছন্ন ধেমাজি গঢ়াৰ দিশত অগ্ৰসৰ হ’বলৈ আহ্বান জনায় ৷
Assamese | October 4, 2025 8:26 PM | Dhemaji
ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন