ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলে আজি ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ দ্বিজমূৰ মিৰিপথাৰ, ডেমগাঁও আৰু বালিখুটি গাঁৱত মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায়ত জৰীপ কৰা হৈছিল যদিও তৃতীয় পর্যায়ত এই লোকসকল ভূমি পট্টা লাভৰ পৰা বঞ্চিত হোৱাত বৃহত্তৰ অঞ্চলটোৰ লোকসকলে প্ৰতিবাদ কৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে চৰকাৰে জৰীপ সম্পন্ন কৰা এই গাঁওকেইখন বৰ্তমান চিমেন চাপৰি আৰু জামজিং সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত হোৱাত গাঁওবাসীয়ে ভূমি পট্টাৰ বাবে আবেদন কৰিব পৰা নাই। গাঁওকেইখনত প্ৰায় এহেজাৰটা পৰিয়ালে বহু বছৰ ধৰি বসবাস কৰি আহিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।
Assamese | December 4, 2025 7:13 PM | Akashvani | Akashvani Guwahati | Akashvani News | Dhemaji | Local news
ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলৰ ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত