ধেমাজি জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে। এতিয়ালৈকে জিলাখনত ৩২ গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। ধেমাজি জিলাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ সংবাদদাতাই লাভ কৰা তথ্য অনুযায়ী জিলাখনত বিগত তিনিমাহত ১২ গৰাকী ৰোগীৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাটো সুনিশ্চিত হৈছে। ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হৈছে। গুৰুতৰভাৱে আক্ৰান্ত হোৱা ৰোগীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। জিলাখনৰ চিলাপথাৰৰ আৰ চি মাজৰবাৰীত এটি দুবছৰীয়া কন্যা শিশু, পাণবাৰী মুক্তিয়াৰ অঞ্চলৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী আৰু চিলাপথাৰ ডিমৰীয়া অঞ্চলৰ এটি ৫ বছৰীয়া শিশু এই ৰোগত মৃত্যুমুখত পৰিছে । স্বাস্থ্য বিভাগে ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলসমূহত আঁঠুৱা ঔষধিকৰণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা শিবিৰ অনুষ্ঠিত কৰিছে।
Assamese | August 5, 2025 7:02 PM | Dhemaji
ধেমাজি জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি