মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত শেহতীয়াকৈ ধেমাজি জিলাই প্রথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত জিলাখনে কৃষি স্বাস্থ্য, গ্রামোন্নয়ন, শিক্ষা আৰু সামাজিক কল্যান ক্ষেত্ৰত পাৰদৰ্শিতাৰে ৬৫.৯৬ শতাংশৰে ফলাফলৰ তালিকাৰ শীৰ্ষ স্থানত আছে। ৬৫.৮৬ শতাংশৰে শিৱসাগৰ জিলা তালিকাৰ দ্বিতীয় স্থান লাভ কৰিছে। জিলাসমূহৰ ভিতৰত ১৮ টা বিভাগৰ ৫০ টা শিতানত এই মূল্যায়ন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম উন্নয়ন আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কৃতিত্ব বাবে ধেমাজি জিলাক অভিনন্দন জনায়। উল্লেখযোগ্য যে প্রশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ তালিকাত বিগত বৰ্ষত ধেমাজি জিলা ১৫ নম্বৰ স্থানত আছিল।
Assamese | November 17, 2025 6:25 PM | Akashvani | Akashvani Guwahati | Akashvani News | Dhemaji
মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মূল্যায়ন কৰা প্ৰশাসনীয় দক্ষতা আৰু পাৰদৰ্শিতাৰ তালিকাত ধেমাজি জিলাৰ প্রথম স্থান লাভ