ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। জোনাইৰ দিখাৰী, চিমেন, ছিলে আদি পাহাৰীয়া নৈৰ ভয়ংকৰ বানত ক্ষতি হোৱা জিলাখনৰ ভালেসংখ্যক গাঁৱৰ পৰিৱেশ স্বাভাৱিক হোৱা নাই বুলি বিধায়ক শ্ৰী পেগুৱে উল্লেখ কৰে।
ইফালে, বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বিজ্ঞান সন্মত পদ্ধতিৰে বান আৰু গৰাখনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰা, শেহতীয়া বান গৰাখহনীয়াত ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূৰ্ণ দিয়াৰ উদ্দেশ্যে আজি ধেমাজি জিলাৰ জোনাইত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই ধৰ্মঘট কাৰ্যসূচীৰ অন্তত সংগঠনটোৰ কৰ্মীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ জোনাই সম-জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পৃথকে পৃথকে প্ৰেৰণ কৰে।