July 6, 2026 7:32 PM

views 7

ধেমাজিৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনত দৃষ্টি আকৰ্ষণ

ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। জোনাইৰ দিখাৰী, চিমেন, ছিলে আদি পাহাৰীয়া নৈৰ ভয়ংকৰ বানত ক্ষতি হোৱা জিলাখনৰ ভালেসংখ্যক গাঁৱৰ পৰিৱেশ স্বাভাৱিক হোৱা নাই বুলি বিধায়ক শ্ৰী পেগুৱে উল্লেখ কৰে। ইফালে, বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বিজ্ঞান সন্মত পদ্ধতিৰে বান আৰু গৰাখনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰা, শেহতীয়া বান গৰাখহনীয়াত ক্ষ...

June 29, 2026 12:19 PM

views 21

অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণ-ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল, ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নি পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, বেৰাবেংগলী, অকলেণ্ড আদিকে ধৰি ২০ খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰি নৈৰ বানে জোনাই অঞ্চলৰ ১৫ খনৰো অধিক গাঁও বুৰাই পেলাইছে৷ চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰে'ল দলঙৰ এটা অংশ খহাই ন...