June 29, 2026 12:19 PM | dhemaji flood

printer

অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণ-ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল, ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নি পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, বেৰাবেংগলী, অকলেণ্ড আদিকে ধৰি ২০ খনৰো অধিক গাঁও জলমগ্ন কৰিছে।

একেদৰে দিখাৰি নৈৰ বানে জোনাই অঞ্চলৰ ১৫ খনৰো অধিক গাঁও বুৰাই পেলাইছে৷ চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰে’ল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰে’ল যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰে’ল যোগাযোগ বন্ধ হৈ পৰে।

অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি-মাগি ব্লক পইণ্টত ছিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং, আমগুৰি, চিচিবৰ গাঁও, বেতনিপাম, শ্রীপানী, নিলখ, মৰিল গোঁহাইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে।

জিলা প্রশাসন, সেনা, এন ডি আৰ এফ আৰু এছ ডি আৰ এফে সমন্বিতভাৱে কাম কৰি আছে। আজিও জিলাখনত পুৱাৰেপৰা বৰষুণ দি আছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে।

ধেমাজি জিলা প্রশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে।

তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত ধেমাজি জিলাৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।

তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোঁহাই আৰু ৰাজহ তথা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হ’বলৈ নিৰ্দেশ দিয়ে।

 ড° শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নির্দেশ দিয়ে।