July 10, 2026 6:38 PM

views 31

বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক আৰু ঘাটি বাজেট বুলি আখ্যা

বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক আৰু ঘাটি বাজেট বুলি আখ্যা দিয়ে। বাজেটত নতুন কিবা থাকিব বুলি আশা কৰা হৈছিল যদিও সেইধৰণেৰে একো বাজেটত ঘোষণা কৰা নাই বুলি তেওঁ কয়। উপ বিৰোধী দলপতি ডাঃ জয় প্রকাশ দাসেও বাজেটত একো নাই বুলি তীব্র সমালোচনা কৰে। তেওঁ কয় যে এই বাজেটত নিবনুৱাৰ বাবে কোনো উল্লেখযোগ্য বিষয় সন্নিবিষ্ট নহ'ল। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো পদ সৃষ্টি কৰা কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনিৰ বিষয়সমূহো অকল গুৱাহাটীকেন্দ্ৰীক হোৱা বুলি দাসে সমাল...

July 6, 2026 7:32 PM

views 23

ধেমাজিৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনত দৃষ্টি আকৰ্ষণ

ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। জোনাইৰ দিখাৰী, চিমেন, ছিলে আদি পাহাৰীয়া নৈৰ ভয়ংকৰ বানত ক্ষতি হোৱা জিলাখনৰ ভালেসংখ্যক গাঁৱৰ পৰিৱেশ স্বাভাৱিক হোৱা নাই বুলি বিধায়ক শ্ৰী পেগুৱে উল্লেখ কৰে। ইফালে, বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বিজ্ঞান সন্মত পদ্ধতিৰে বান আৰু গৰাখনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰা, শেহতীয়া বান গৰাখহনীয়াত ক্ষ...

July 6, 2026 6:54 PM

views 25

অসম বিধানসভাৰ বাজেট অধিৱেশনত বিধায়ক ডাঃ হাব্বে টেৰণ উপাধ্যক্ষ নির্বাচিত

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯.৩০ বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স...

March 10, 2025 8:50 PM

views 47

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে। এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰায় ৫ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ১৮ লাখৰ পৰা পৰৱৰ্তী বিত্তীয় বছৰৰ শেষলৈ ৩৭ দশমিক ২ লাখলৈ বৃদ্ধি কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ সংখ্যাও পূৰ্বৰ ২৮ লাখৰ পৰা ৩৭ লাখ ২০ হাজাৰলৈ বৃদ্...

March 9, 2025 8:40 PM

views 52

হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ কাইলৈ অন্তিমখন পূৰ্ণাংগ বাজেট

বিত্তমন্ত্রী অজন্তা নেওগে কাইলৈ বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। এইখনে হ'ব ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বিত্তমন্ত্রী অজন্তা নেওগে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে চৰকাৰে এখন ভাল বাজেট উপস্থাপনৰ কাৰণে চেষ্টা কৰিছে। বাজেটত সামগ্ৰিকভাৱে ৰাজ্যৰ বিভিন্ন সমস্যাই স্থান পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এইবাৰৰ বাজেটত বিকশিত অসমৰ লক্ষ্য পূৰণৰ উদ্দেশ্যেৰে কৃষক, দৰিদ্ৰ শ্ৰেণী, যুৱ প্ৰজন্ম আৰ...

March 9, 2025 11:47 AM

views 66

অসম বিধানসভাত কাইলৈ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

বিত্ত মন্ত্রী অজন্তা নেওগে কাইলৈ দিনৰ ১১-৩০ বজাত বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। এইখনে হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূর্ণাংগ বাজেট। বিত্তমন্ত্রী অজন্তা নেওগে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে চৰকাৰে এখন ভাল বাজেট দিবৰ কাৰণে চেষ্টা কৰিছে। বাজেটত সামগ্ৰিকভাৱে ৰাজ্যৰ বিভিন্ন সমস্যাই স্থান পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এইবাৰৰ বাজেটত অসমক কিদৰে এখন ভাল ৰাজ্য হিচাপে গঢ়ি তোলাৰ বিভিন্ন প্রয়াস প...

March 3, 2025 12:00 PM

views 53

বাজেট অধিৱেশনত অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ’ব : শিক্ষামন্ত্রী

অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনতে অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই সংশোধনীৰ জৰিয়তে প্ৰাদেশিকীকৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত সালসলনি কৰা হ'ব। অৱশ্যে অৱশ্যে প্ৰাদেশিকীকৰণৰ বাবে ধাৰ্য্য ২০০৬ চনৰ ১ জানুৱাৰী ভিত্তিবৰ্ষৰ কোনো কাৰণতে সলনি নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। শিক্ষামন্ত্রী ডা° পেগুৱে কালি ১২ টা শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চ – সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বিবার্ষিক ...