ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯.৩০ বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ’ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব।
ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যর্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে।
আজি অধিৱেশনৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কর্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফেও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰৱ হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে।
তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে। কিন্তু অধ্যক্ষই এই কেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ’ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে।
আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাব্বে টেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বিপিএফ দলে ড০ টেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্রতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নির্বাচিত হয়।
সদনত আজি কেইবাখনো প্রতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্রী আৰু সেৱা কৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়৷