July 29, 2026 1:26 PM

views 45

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনত সদনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা

অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ আজি সামৰণি পৰিব। উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হ'ব। কালি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। আজি প্রশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম-কাজ আৰম্ভ হৈছে। আজি কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কয়, যে বান ক্ষতিগ্ৰস্ত অঞ্চললৈ অনুদান দিয়াৰ ব্যৱস্থা কৰা হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা ১৫ জনীয়া বিষয়াৰ দল কাইলৈ উজনিলৈ যাব। এই দলটোৱে ক্ষতিগ্ৰস্ত...

July 14, 2026 1:27 PM

views 26

অসম বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ অ' পি এছ আঁচনিক লৈ প্ৰশ্ন উত্থাপন কৰে। মন্ত্রী জয়ন্ত মল্লবৰুৱাই বিধায়কগৰাকীৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিয়ে। আজি বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ইফালে, কালি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্মা হাজৰিকাই ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। ক...

July 13, 2026 6:07 PM

views 21

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক পদ্ম হাজৰিকাই ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। বুধবাৰে সদনত বাজেট আলোচনা হোৱাৰ পাছত অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰি...

July 6, 2026 6:54 PM

views 25

অসম বিধানসভাৰ বাজেট অধিৱেশনত বিধায়ক ডাঃ হাব্বে টেৰণ উপাধ্যক্ষ নির্বাচিত

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯.৩০ বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স...

July 5, 2026 7:03 PM

views 20

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ’ব

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। ২১ দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। এই অধিৱেশনত বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ ১৬ খন বৈঠক হ'ব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। কাইলৈৰ পৰা হ'বলগীয়া বাজেট অধিৱেশনৰ প্রশ্নোত্তৰ কালৰ প্ৰতি লক্ষ্য ৰাখি বন মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে সদনত...