ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ’ব। ২১ দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। এই অধিৱেশনত বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ ১৬ খন বৈঠক হ’ব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব।
কাইলৈৰ পৰা হ’বলগীয়া বাজেট অধিৱেশনৰ প্রশ্নোত্তৰ কালৰ প্ৰতি লক্ষ্য ৰাখি বন মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে সদনত মুখ্যমন্ত্রী, অধ্যক্ষ, উপাধ্যক্ষ তথা বিৰোধী দলপতিৰ বক্তব্যৰ সময়ত বিধায়কসকলে হস্তক্ষেপ কৰিব নোৱাৰিব বুলি বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে প্রকাশ কৰে।
তেওঁ কয়, যে মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ ভাষণৰ পাছতহে বিধায়কসকলে প্রশ্ন কৰিব পাৰিব। সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে আজি সংবাদমেলযোগে এই কথা অৱগত কৰে।