অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনত সদনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা

অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ আজি সামৰণি পৰিব। উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হ’ব। কালি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়।

আজি প্রশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম-কাজ আৰম্ভ হৈছে। আজি কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কয়, যে বান ক্ষতিগ্ৰস্ত অঞ্চললৈ অনুদান দিয়াৰ ব্যৱস্থা কৰা হ’ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা ১৫ জনীয়া বিষয়াৰ দল কাইলৈ উজনিলৈ যাব। এই দলটোৱে ক্ষতিগ্ৰস্ত জিলাসমূহৰ লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে ভি বি জি ৰাম জী আঁচনি ৰূপায়ণকে ধৰি বিভিন্ন দিশৰ তদাৰক কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

আজি সদনত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভৱিষ্যতে পঞ্চায়তত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণৰ চিন্তা-চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে। সদনত সম্প্ৰতি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা চলি আছে। উল্লেখযোগ্য যে যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূর্বে ৩১ জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।