July 29, 2026 1:26 PM

views 45

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনত সদনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা

অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ আজি সামৰণি পৰিব। উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হ'ব। কালি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। আজি প্রশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম-কাজ আৰম্ভ হৈছে। আজি কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কয়, যে বান ক্ষতিগ্ৰস্ত অঞ্চললৈ অনুদান দিয়াৰ ব্যৱস্থা কৰা হ'ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা ১৫ জনীয়া বিষয়াৰ দল কাইলৈ উজনিলৈ যাব। এই দলটোৱে ক্ষতিগ্ৰস্ত...

July 13, 2026 6:54 PM

views 34

অসম বিধানসভা অধিবেশনৰ ষষ্ঠ দিনত ডি-ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত

অসম বিধানসভা অধিবেশনৰ আজি ষষ্ঠ দিনা ডি-ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি ৯১ হাজাৰ ৩৮৫ জন লোকৰ বিপৰীতে ডি-চিহ্ন লগোৱা হৈছে। ৰাজ্যত ৫৬ হাজাৰ ৭২৮জন ডি-ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত যিসকল লোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে, তাৰ...

July 13, 2026 6:51 PM

views 28

অসম বিধানসভাৰ ষষ্ঠ দিনত মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ'ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতংভাৱে প্ৰকাশ কৰে। মন্ত্ৰী মল্লবৰুৱাই কয়, যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋণ এক লাখ ২৫ হাজাৰতকৈ বেছি দিব নোৱাৰে। মাইক্ৰ’ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত ২০২১ চনত ৩৭ টা ঋণ প্রদান কাৰি সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ ...

February 16, 2025 7:37 PM

views 45

সোমবাৰে কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাইলৈ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বিটিচিৰ বিধায়িনী ভৱনত ৰাজ্যপালৰ অভিভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে কোকৰাঝাৰ নগৰ সজাই পৰাই তোলা হৈছে। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হ'ব। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী গুৱাহাটীৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ'ব।