অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাইলৈ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ’ব। বিটিচিৰ বিধায়িনী ভৱনত ৰাজ্যপালৰ অভিভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব। বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে কোকৰাঝাৰ নগৰ সজাই পৰাই তোলা হৈছে। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হ’ব। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী গুৱাহাটীৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব।
Assamese | February 16, 2025 7:37 PM | Assam Assembly Budget Session
সোমবাৰে কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী