অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ’ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতংভাৱে প্ৰকাশ কৰে।
মন্ত্ৰী মল্লবৰুৱাই কয়, যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ’ফাইনেন্সৰ ঋণ এক লাখ ২৫ হাজাৰতকৈ বেছি দিব নোৱাৰে।
মাইক্ৰ’ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত ২০২১ চনত ৩৭ টা ঋণ প্রদান কাৰি সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে।
চলিত বৰ্ষত ৰাজ্যত কল্যাণকামী আঁচনিৰ অধীনত ৬০০ কোটি টকা মুকলি কৰি দিয়া হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।