অসম বিধানসভা অধিবেশনৰ আজি ষষ্ঠ দিনা ডি-ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি ৯১ হাজাৰ ৩৮৫ জন লোকৰ বিপৰীতে ডি-চিহ্ন লগোৱা হৈছে।
ৰাজ্যত ৫৬ হাজাৰ ৭২৮জন ডি-ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত যিসকল লোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে, তাৰ ভিতৰত উচ্চ ন্যায়ালয়ে ৮৩১জনক বিদেশী বুলি ৰায় দিছে।
তদুপৰি বিদেশী ন্যায়াধীকৰণে ৬৫ হাজাৰ ১৭১জন, উচ্চ ন্যায়ালয়ে ৪২জন আৰু উচ্চতম ন্যায়ালয়ে তিনিজনক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰে বুলি তেওঁ প্ৰকাশ কৰে।