September 20, 2026 8:47 PM

views 20

জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত  কৃষি মন্ত্রী পীযুষ হাজৰিকাৰ আলোচনা

কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সদস্যসকলৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে উন্নত উৎপাদনশীলতা, মূল্য সংযোজন আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰি কয়, যে ইয়াৰ জৰিয়তে কৃষকসকলৰ লাভ অৰ্জন বৃদ্ধি হ'ব। তেওঁ লগতে চৰকাৰে অঞ্চলটোৰ কৃষি অর্থনীতি শক্তিশালী কৰাৰ দিশত কাম কৰি যাব বুলিও উল্লেখ কৰে।

September 10, 2026 1:46 PM

views 12

কৃষি বিভাগে চলিত বৰ্ষত প্ৰায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে

কৃষি বিভাগে চলিত বৰ্ষত প্ৰায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ লগতে মাখনাৰ বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। কৃষি মন্ত্ৰী পীযূষ হাজৰিকাই কালি জনতা ভৱনত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত এনে কামসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনাগত সময়ত অধিক সংখ্যক কৃষকক মাখনাৰ বীজ প্রদানৰ বাবে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাখনা অভিযান, ৰাষ্ট্ৰীয় খোৱাতেল অভিযান-তৈল্য খেজুৰ, ফলৰ পুলি ব...

September 8, 2026 7:50 PM

views 10

নলবাৰী জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন উদ্বোধন মন্ত্রী পীযুষ হাজৰিকাৰ

কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি নলবাৰী জিলাৰ বনগাঁৱত জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। কৃষি বিভাগৰ বিষয়াসকলে এই জ্ঞান কেন্দ্ৰটোত কৃষকসকলৰ সৈতে মিলিত হৈ কৃষি সম্পকীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। কৃষকসকলৰ কাৰিকৰী জ্ঞান আৰু দক্ষতা আহৰণত এই কেন্দ্ৰটো যথেষ্ট সহায়ক হোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে অহা বছৰৰ পৰা চৰকাৰে ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰি ৰ...

September 7, 2026 1:25 PM

views 10

জাগীৰোড চহৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযূষ হাজৰিকাৰ

কৃষি আৰু জলসিঞ্চন মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযূষ হাজৰিকাই কালি জাগীৰোড চহৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে চহৰখনত নতুনকৈ গঢ়ি তোলা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰে'লৱে উৰণ সেতুৰ ষ্ট্রীট লাইট, ডাষ্টবিন আৰু ৰাজহুৱা প্ৰস্ৰাৱগাৰ মুকলি কৰে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি শ্ৰীহাজৰিকাই কয়, যে অনাগত দিনত অঞ্চলটোত অন্যান্য কল্যাণকামী প্রকল্প ৰূপায়ণৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত জাগীৰোড সমষ্টিত ৰাজ্যৰ অন্যতম উন্নত সমষ্টি হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱ...

September 6, 2026 12:17 PM

views 46

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টার্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পর্যালোচনা কৰাৰ বাবে কালি ক্ষেত্ৰী বামফৰৰ অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমখনক আমি কৃষিৰ ক্ষেত্ৰত অগ্ৰণী কৰিব লাগিব আৰু খেতিয়কসকলৰ উপাৰ্জন দুগুণ নহয়, পাঁচগুণ কৰিব লাগিব তেতিয়াহে অসম আগুৱাই যাব। ৰাজ্যত মাখনা খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰী হাজৰিকাই কয়, যে এই নতুন খেতিৰ জৰিয়তে খেতিয়কসকল ...

September 2, 2026 6:38 PM

views 31

তামুলপুৰৰ চেঁচাপানীত দৈমালু বসুমতাৰী নামৰ এগৰাকী উদ্যমী কৃষকৰ ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামুলপুৰ জিলাৰ চেঁচাপানীত দৈমালু বসুমতাৰী নামৰ এগৰাকী উদ্যমী কৃষকৰ ড্ৰেগন ফলৰ খেতি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৫ বিঘা ভূমিত ড্রেগন ফলৰ খেতিৰে বছৰি প্ৰায় ৬ লাখ টকা উপাৰ্জন কৰাৰ সমান্তৰালকৈ ৬ বিঘা মাটিত তামোলৰ বাগান আৰু তিল খেতিৰে স্বাৱলম্বী হৈ উঠা দৈমালু বসুমতাৰীৰ প্ৰয়াসৰ প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে শ্ৰীহাজৰিকাই যুৱ প্ৰজন্মক এই কৃষকগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ব্যতিক্ৰমী কৃষিকৰ্মৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে অনা...

August 19, 2026 7:36 PM

views 19

ডিফুৰ তাৰালাংছ’ত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী পীযূষ হাজৰিকাৰ

কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছ'ত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলৰ সুবিধার্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ ৩ শতাংশ সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্রধানমন্ত্ৰী কিষাণ স...

August 12, 2026 6:50 PM

views 17

অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি পিযুষ হাজৰিকাৰ প্ৰকাশ

ৰাজ্যৰ কৃষি, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি দৰং জিলাৰ মঙলদৈ ২ নম্বৰ মাজগাঁৱত অসম মাখানা মূল্য শৃংখল প্ৰকল্পৰ অধীনত নাৱাৰ্ডৰ পৃষ্ঠপোষকতাত মাখানা উৎপাদনস্থলী পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয়, যে অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে। তেওঁ অসমত থকা পুখুৰী, বিল, জলাশয় আদিত মৎস উৎপাদনৰ সমান্তৰালকৈ মাখানা উৎপাদন কৰি অতিৰিক্তভাৱে লাভৱান হ'বলৈ যুৱ প্ৰজন্মক আহ্বান জনায়। তেওঁ লগতে কয়, যে কেৰালা, বেংগালুৰু, হায়দাবাদ আদি চহৰলৈ চাকৰিমুখী হৈ যোৱাৰ পৰিৱৰ্তে যুৱ...

August 2, 2026 11:48 AM

views 25

শিৱসাগৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গৰ সৈতে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক

ৰাজ্য চৰকাৰে বানৰ ফলত খেতিৰ সময় পাৰ হৈ যোৱাৰ বাবে ধান খেতি কৰিব নোৱৰা খেতিয়কসকলক আগৰ, নাৰিকল, কঁঠাল, ডাঙৰ বগৰীৰ পুলি প্ৰদানৰ লগতে তিল, মাটি দাইল, মচুৰ দাইল, মণ্ড দাইলৰ খেতি কৰাৰ সুবিধা কৰি দিব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে।  শিৱসাগৰত কালি কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গৰ সৈতে দীঘলীয়া পৰ্যালোচনাৰ অন্তত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে। তেওঁ কয়, যে যিসকল কৃষক পৰিয়ালৰ পথাৰৰ পৰা পানী ওলাই গৈছে তেওঁলোকক কঠিয়া দিয়াৰ ব্যৱস্থা কৰা হৈছে। পোনপটীয়াকৈ ধা...

July 19, 2026 7:24 PM

views 68

কৃষিমন্ত্রী পীযুষ হাজৰিকাই বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন

কৃষিমন্ত্রী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয়, যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট-পথৰ অভাব আৰু শীতল ভঁৰালৰ প্ৰয়োজনীয়তাৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয়, যে মুখ্যমন্ত্রীয়ে কৃষিখণ্ডক অগ্রাধিকাৰ দি আহিছে আৰু পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যাপক হাৰত কাম কৰা হ...