October 19, 2026 1:02 PM
20
কৃষকসকলক বছৰত এবিধ খেতিৰ পৰিৱৰ্তে দুই বা ততোধিক খেতি কৰিবলৈ আহ্বান মন্ত্রী পীযুষ হাজৰিকাৰ
কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই কৃষকসকলক বছৰত এবিধ খেতিৰ পৰিৱৰ্তে দুই বা ততোধিক খেতি কৰিবলৈ আহ্বান জনাইছে। কামৰূপ জিলাৰ ৰাণীত কালি কাতি বিহুৰ কাৰ্যসূচীত অংশগ্রহণ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে উদ্যানশস্যৰ ওপৰত মনোনিৱেশ কৰা উচিত বুলি মন্তব্য কৰে। ৰাজ্যৰ কৃষি বিভাগে বর্তমান মাকৈ আৰু মাখনা খেতিত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০ হাজাৰ বিঘা মাটিত মাখনা খেতি কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে অনাগত দিনত কৃষি বিভাগে তৈল খেজুৰ, আদা, তিল আদিৰ লগতে লিচু আৰু ড্...