কৃষি বিভাগে চলিত বৰ্ষত প্ৰায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে

কৃষি বিভাগে চলিত বৰ্ষত প্ৰায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ লগতে মাখনাৰ বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ’ব। কৃষি মন্ত্ৰী পীযূষ হাজৰিকাই কালি জনতা ভৱনত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত এনে কামসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনাগত সময়ত অধিক সংখ্যক কৃষকক মাখনাৰ বীজ প্রদানৰ বাবে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।

বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাখনা অভিযান, ৰাষ্ট্ৰীয় খোৱাতেল অভিযান-তৈল্য খেজুৰ, ফলৰ পুলি বিতৰণৰ অগ্ৰগতি, উদ্যান শস্যৰ প্ৰসাৰ আৰু কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। এতিয়ালৈকে লাভ কৰা অগ্ৰগতিৰ বুজ লৈ শ্ৰীহাজৰিকাই তৈল্য খেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যই যোৱা মাহত তৈল্য খেজুৰ ৰোপণৰ নিৰ্ধাৰিত লক্ষ্যত ৯৯.৫ শতাংশ সাফল্য লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তৈল্য খেজুৰৰ ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈ কয়।

মন্ত্ৰীগৰাকীয়ে লগতে কৃষি বিভাগৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ প্ৰদৰ্শনৰ পৰ্যালোচনা কৰে আৰু কৃষিখণ্ডটোৰ ভৱিষ্যৎ সম্ভাৱনা সম্পর্কে আলোচনা কৰে। বৈঠকত ৰাজ্যৰ সামগ্রিক বিকাশত কৃষিখণ্ডৰ অৱদান অধিক শক্তিশালী কৰাৰ বিষয়েও গুৰুত্ব আৰোপ কৰা হয়৷