ৰাজ্যৰ জলসিঞ্চন খণ্ডক অধিক উন্নত আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নতুন নতুন আঁচনি তথা আধুনিক প্রযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যে কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই কালি জনতা ভৱনত আয়োজিত এখন বৈঠকত সভাপতিত্ব কৰি জলসিঞ্চন বিভাগৰ প্ৰস্তাৱিত বাহ্যিক সাহায্য প্রাপ্ত প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ ১১ খন জিলাৰ এক লাখ ৭৩ হাজাৰৰো অধিক হেক্টৰ কৃষি ভূমিক সামৰি জলসিঞ্চন ব্যবস্থা গঢ়ি তোলাৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ লগতে পাইপযুক্ত জলসিঞ্চন, সৌৰ শক্তিৰ সংযোগ আৰু দেশৰ অন্যান্য ৰাজ্যত সফলভাবে ৰূপায়িত জলসিঞ্চন ব্যৱস্থাৰ আৰ্হি অসমতো প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত বিশেষ মুখ্য সচিব এছ আববাছী, মুখ্য অভিযন্তা আৰু জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
Assamese | October 9, 2026 12:07 PM | Pijush Hazarika
নতুন নতুন আঁচনি তথা আধুনিক প্রযুক্তিৰ ব্যৱহাৰত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ