October 19, 2026 1:02 PM | Pijush Hazarika

printer

কৃষকসকলক বছৰত এবিধ খেতিৰ পৰিৱৰ্তে দুই বা ততোধিক খেতি কৰিবলৈ আহ্বান মন্ত্রী পীযুষ হাজৰিকাৰ

কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই কৃষকসকলক বছৰত এবিধ খেতিৰ পৰিৱৰ্তে দুই বা ততোধিক খেতি কৰিবলৈ আহ্বান জনাইছে। কামৰূপ জিলাৰ ৰাণীত কালি কাতি বিহুৰ কাৰ্যসূচীত অংশগ্রহণ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে উদ্যানশস্যৰ ওপৰত মনোনিৱেশ কৰা উচিত বুলি মন্তব্য কৰে। ৰাজ্যৰ কৃষি বিভাগে বর্তমান মাকৈ আৰু মাখনা খেতিত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০ হাজাৰ বিঘা মাটিত মাখনা খেতি কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে অনাগত দিনত কৃষি বিভাগে তৈল খেজুৰ, আদা, তিল আদিৰ লগতে লিচু আৰু ড্রেগন ফলৰ খেতিৰ ব্যাপকভাবে সম্প্ৰসাৰণ কৰিব আৰু এনে উদ্ভিদৰ পুলি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত বিতৰণ কৰা হ’ব। কৃষি বিভাগে ৰাজ্যত কৃষক পঞ্জীয়নৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই থকাৰ পৰিপ্ৰেক্ষিতত মন্ত্রী হাজৰিকাই কৃষকসকলক নিজে আগবাঢ়ি আহি পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।