কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই আজি বৰাক উপত্যকাৰ জিলাসমূহত বিশেষ ৰাজ মাহ মিছন আৰম্ভ কৰা হৈছে বুলি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। কৃষি মন্ত্ৰী শ্ৰীহাজৰিকাই কয় যে কৃষকৰ উপাৰ্জন বহুমুখীকৰণৰ লক্ষ্যৰে কৃষি বিভাগে অহা বছৰৰ পৰা ৰাজ মাহৰ বীজ বিতৰণ কৰিব। এই লাভজনক খেতিত মনোনিবেশ কৰিবলৈ কৃষকসকলক তেওঁ আহ্বান জনায়।
বাক্সা জিলা প্রশাসনে আজি ২৩ সংখ্যক জিলা দিৱস উদযাপন কৰিছে। ২০০৩ চনৰ আজিৰ দিনটোতে বি টি চি চুক্তি অনুসৰি নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি বাক্সা জিলা গঠন কৰা হৈছিল। জিলা দিৱস উপলক্ষে আজি এটা শোভাযাত্ৰা উলিওৱাৰ লগতে গছপুলি ৰোপণ, প্ৰদৰ্শনী আৰু বিপণী মুকলিকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়।
চিৰাং জিলা প্ৰশাসনেও আজি ২২ সংখ্যক জিলা দিৱস উদ্যাপন কৰে।
কাজল গাঁৱৰ জিলা পেৰেড গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত সাংসদ ৰনগৌৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, বিধায়ক পানীৰাম ব্ৰহ্ম, বি টি চিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যাবাহী সদস্য খাম্পা বৰ্গয়াৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে আত্মসহায় গোট তথা উদ্যোগীসকললৈ বিভিন্ন বেংকৰ জৰিয়তে ঋণ প্ৰদান কৰা হয়৷